গুৱাহাটীঃ কেইবাটাও সংগঠনৰ দেশজুৰি ধৰ্মঘট কাৰ্যসূচীৰ মাজতে গুৱাহাটী ক্লাবত উত্তাল প্ৰতিবাদ। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ম আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী।পেট্ৰ’ল, ডিজেলৰ মূল্যবৃদ্ধি, শ্ৰমিক সকলক চৰকাৰী সুবিধা প্ৰদান কৰা, চৰকাৰৰ শ্ৰম বিৰোধী আৰু জন বিৰোধী নীতি সমূহ প্ৰত্যাহাৰ কৰা, চৰকাৰী খণ্ড সমূহৰ ব্যক্তিগত কৰণৰ বন্ধ কৰা আদি বিভিন্ন দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী সমদল উলিয়াবলৈ চেষ্টা কৰা প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে বাধা প্ৰদান কৰি আটক কৰি নিয়ে।
উল্লেখ্য যে, ভাৰত চৰকাৰৰ বিভিন্ন জনস্বাৰ্থবিৰোধী নীতিৰ বিৰোধিতাৰে সোম আৰু মঙলবাৰে দুদিনীয়াকৈ ভাৰত বন্ধ তথা ৰাষ্ট্ৰীয় ধৰ্মঘটৰ আহ্বান জনাইছে দেশৰ শ্ৰমিক-কৃষকৰ পৰা আৰম্ভ কৰি বেংকৰলৈকে একাধিক কৰ্মচাৰী সংগঠনে। এই প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন দি অসম মটৰ শ্ৰমিক সংগঠন সমূহেও ৪৮ঘন্টীয়া চকাবন্ধ ঘোষণা কৰিছে। অসম মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই অচিৰেই চৰকাৰে শ্ৰমিকসকলৰ কল্যাণ আঁচনি শীঘ্ৰে কাৰ্যকৰী কৰা, অত্যাধিক জৰিমনা বন্ধকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবী কৰিছে। সোমবাৰে পুৱা ৬বজাৰ পৰা আৰম্ভ হৈছে এই চকা বন্ধৰ। ভাৰত বন্ধৰ এই কাৰ্যসূচী বিভিন্ন ক্ষেত্ৰৰ কৰ্মচাৰীসকলেও সমৰ্থন কৰিছে।