নিউজ ডেস্কঃ গণতন্ত্ৰ দিৱসৰ দিনা গুৱাহাটীৰ প্ৰশাসনে জাৰি কৰিছিল ড্ৰাই-ডে। ড্ৰাই-ডে আছিল যদিও বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ ৰাজগড়ত কেইজনমান সুৰামত্ত উদণ্ড যুৱকে চাই চুট্টা নামৰ এখন কফি দোকানত লণ্ড ভণ্ড কৰে। দোকানখনৰ সন্মুখত থকা চিচি টিভি কেমেৰাত বন্দী হোৱা সকলো দৃশ্য এতিয়া সামাজিক মাধ্যমত বিয়পি পৰা দেখা গৈছে।

ঘটনাৰ সময়ত সেই ঠাইত উপস্থিত থকা এজন প্ৰত্যক্ষদৰ্শীৰ জনাই যে, ৰঙা কুৰ্তা পৰিধান কৰা এজন ব্যক্তিয়ে তেওঁৰ সঙ্গীসকলৰ সৈতে এখন বাহনৰ পৰা ওলাই আহিছিল আৰু কৰ্মচাৰীসকলক গালি- গালাজ কৰি আক্ৰমণ কৰাৰ লগতে দোকানখনৰ সামগ্ৰী ভাঙিবলৈ আৰম্ভ কৰিছিল।

উল্লেখযোগ্য যে, ঘটনাতো সংঘটিত হোৱাৰ কিছুসময়ৰ পাছতেই চান্দমাৰী আৰক্ষী উপস্থিত হয় আৰু দোকানখনৰ চিচিটিভি ফুটেজ নিৰিক্ষণ কৰে। ঘটনাটোৰ সন্দৰ্ভত দোকানৰ স্বত্বাধিকাৰে চান্দমাৰী থানাত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে ইতিমধ্যে উদণ্ড যুৱক কেইজনক চিনাক্ত কৰিছে বুলি জানিবলৈ পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply