গুৱাহাটীঃ গণৰাজ্য দিৱসৰ দিনাই একাংশ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। গণৰাজ্য দিৱসৰ দিনাই প্ৰতিবাদত বহিব লগা হ’ল Guwahati College of Architecture & Planning নামৰ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী ।

কিয়নো ছাত্ৰ-ছাত্ৰী সকলোৰ ভৱিষ্যৎ অন্ধকাৰত থৈ বন্ধ কৰি দিয়াৰ পৰিকল্পনা কৰা হৈছে মহাবিদ্যালয়খন । শৈক্ষিক ভৱিষ্যৎ অন্ধকাৰত থৈ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আধৰুৱা কৰি হঠাৎ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে মহাবিদ্যালয়খন ।

আনকি ছাত্ৰ-ছাত্ৰীসকলোক কোনো ধৰণৰ জাননীয়ো দিয়া নাই কৰ্তৃপক্ষই। যাৰবাবে Guwahati College of Architecture & Planning নামৰ শিক্ষানুষ্ঠানখনৰ ২ শতাধিক ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ ।

মহাবিদ্যালয়খনৰ হঠকাৰী সিন্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰী । ভি আই পি চ’কত বিমানবন্দৰলৈ যোৱা মূল পথতে মহাবিদ্যালয়ৰ মালিকপক্ষ ডোনা ফাউণ্ডেচনৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply