গুৱাহাটীঃ অসমে মেঘালয়ক মাটি দিবলৈ ওলোৱাক লৈ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ।
অসম-মেঘালয়ৰ সীমা বিবাদক কেন্দ্ৰ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজীৱ ভৱনত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।
সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত কংগ্ৰেছ দলৰ প্ৰতিবাদী সমদলক আৰক্ষীৰ বাধা প্ৰদান
অসমৰ ভূমি মেঘালয়ক গতাই দিয়াৰ অভিযোগ উত্থাপন।
লগতে পঢ়কঃঅনগ্ৰসৰ পাহাৰীয়া জিলাৰ শিক্ষা ব্যবস্থাক চৰকাৰে গুৰুত্ব নিদিয়াৰ বিৰুদ্ধে প্ৰতিবাদ
বিজেপি চৰকাৰৰ হায়, হায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায়, হায়, আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
আৰক্ষীয়ে প্ৰতিবাদকাৰী কংগ্ৰেছৰ কর্মী সকলক ৰাজীৱ ভৱনৰ চৌহদত আৱদ্ধ কৰি ৰখাত কংগ্ৰেছ কর্মী সকল উত্তাল হৈ পৰে।