গুৱাহাটীঃ মাস্ক পৰিধান নকৰা আৰু সামাজিক দূৰত্ব নমনাৰ বাবে ভয়ংকৰ ৰূপত বাঢ়িছে ক’ৰোনাৰ সংক্ৰমণ। সকলোকে ক’ভিড বিধি মানি চলিবলৈ আহ্বান GMCH ৰ অধ্যক্ষ অভিজিৎ শৰ্মাৰ।
ৰাজগড়, বশিষ্টপুৰ, চানমাৰিত বেছিকৈ ধৰা পৰিছে কোৰোণাত আক্ৰান্ত ৰোগী। বৰ্তমানলৈকে নিয়ন্ত্ৰণতে আছে গুৱাহাটীৰ কোৰোণা পৰিস্থিতি। এই ক্ষেত্ৰত ভয় খোৱাৰ প্ৰয়োজন নাই কিন্তু সতৰ্ক হোৱাৰ প্ৰয়োজন বুলি উল্লেখ কৰিছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক ডা০ অভিজিত শৰ্মাই।
লগতে পঢ়কঃভোগালী বিহু উদযাপনৰ ক্ষেত্ৰত চৰকাৰৰ নীতি নিৰ্দেশনাকলৈ প্ৰশ্ন উত্থাপন সাংসদ অজিত কুমাৰ ভূঞাৰ
ইফালে মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে প্ৰশাসনে চলাইছে অভিযান। সোমবাৰে বিগবজাৰ, ৰুদ্ৰাক্ষ মলত চলিত প্ৰশাসনৰ অভিযান। লগতে দুয়োপালি ভেকচিনৰ প্ৰমাণ পত্ৰ পৰীক্ষা কৰিছে প্ৰশাসনৰ লোকে।
উল্লেখ্য যে, ৰাজ্য চৰকাৰে নতুন SOP প্ৰকাশৰ পিছতে তৎপৰ হৈছে প্ৰশাসন। মাস্ক পৰিধান নকৰাৰ বাবে ৰুদ্ৰাক্ষ মলত তিনিজন লোকক জৰিমনা বিহে আৰক্ষীয়ে। আনহাতে SOP ভংগ কৰিলে সাধাৰণ লোকে ৫০০ টকা আৰু শ্বপিং মলৰ মালিকে ২৫,০০০ টকাৰ জৰিমনা ভৰিব লাগিব বুলি সাৱধান কৰি দিয়ে প্ৰশাসনৰ লোকে।