গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে অসমতো ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক সোমবাৰৰ পৰা প্ৰদান কৰা হৈছে কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী।
মঙলবাৰে গুৱাহাটীৰ কামৰূপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰি থকা কোভিড প্ৰতিষেধক ব্যৱস্থাৰ বুজ ল’বলৈ উপস্থিত হ’ল মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী।
পিছে মন্ত্ৰী গৰাকীয়ে ডেৰ ঘণ্টা পলমকৈ বিদ্যালয়খনত উপস্থিত হোৱাৰ বাবে ডেৰ ঘণ্টা পলমকৈ আৰম্ভ হ’ল প্ৰতিষেধক প্ৰদান কাৰ্যসূচী।
লগতে পঢ়কঃমুখ্যমন্ত্ৰীৰ সৈতে দুলীয়াজানত নৈশ ভোজত কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰৰ
মন্ত্ৰী গৰাকীৰ বাবে ডেৰ ঘণ্টা ৰৈ থাকিব লগা হ’ল প্ৰতিষেধক ল’বলৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ছাত্র-ছাত্ৰী সকলক প্ৰতিষেধক দিবলৈ অহা চিকিৎসা কর্মী সকলো।
সোমবাৰেও কামৰূপ উচ্চৰত মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলক প্ৰতিষেধক প্ৰদান কৰা হৈছিল।