গুৱাহাটীঃ লখৰাস্থিত ক্ৰিটিকেল কেয়াৰ হস্পিতালত আজিৰে পৰা নতুনকৈ সংযোজন কৰা হৈছে Institute of mother & child heatlh। ইয়াত প্ৰসূতিসকলে অনিৰ্দিষ্ট কাললৈকে বিনামূলীয়াকৈ ডাক্তৰৰ পৰামৰ্শ ল’ব পাৰিব।
নৱজাতকৰ কাৰণে ৮খন NICU আৰু মাতৃ সকলৰ বাবে ১৩খন বিচনাৰ সংযোজন কৰা হৈছে।
মাতৃ আৰু শিশুৰ চিকিৎসা উদ্বোধনী অনুষ্ঠানত মাতৃ আৰু শিশুৰ ওপৰত ল’বলগীয়া যতন তাৰ ওপৰত আলোচনা কৰা হয়।
লগতে পঢ়কঃলখৰাৰ লালুংগাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ
অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ডাঃ জে. পি মৌৰ, ডাঃ নাৰায়ণ শৰ্মা,ডাঃ অভিনন্দন দাস,ক্ৰিটিকেল কেয়াৰৰ সঞ্চালক নিলোৎপল ছোটৰ লগতে সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অনুৰাধা শৰ্মা পূজাৰী। সভাত অনুৰাধা শৰ্মা পূজাৰীয়ে শিশু আৰু মাতৃৰ ওপৰত ল’বলগীয়া যতনৰ ওপৰত ভাষণ প্ৰদান কৰে।