গুৱাহাটীঃ বিশ্ব নদী দিৱস উপলক্ষে সোমবাৰে মহানগৰীত সজাগতামূলক চাইকেল ৰেলী। জোনালীৰ পৰা ভৰলুমুখলৈ চেভ ভৰলু মিছনৰ উদ্যোগত পুৱা ৬ বজাত আৰম্ভ হয় এই চাইকেল ৰেলী।
চাইকেল ৰেলীৰ শুভাৰম্ভ কৰে বিশিষ্ট সাহিত্যিক তথা সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৷

চাইকেল ৰেলীত অংশ গ্ৰহণ কৰে জি এম চি আয়ুক্ত দেবাশীষ শৰ্মাই ৷ সম্পূৰ্ণ কোভিড নীতি নিয়ম মানি এই চাইকেল ৰেলী উলিওৱা হয় ৷
লগতে পঢ়কঃব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন চাৰি কিশোৰৰ তিনিজনৰ মৃতদেহ উদ্ধাৰ
এই ৰেলীৰ জড়িয়তে ভৰলুক প্ৰদূষণ কৰি ৰখাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় ৷
বিশ্ব নদী দিৱসৰ লগত সংগতি ৰাখি এই চাইকেল ৰেলী উলিওৱা হয়।