গুৱাহাটীঃ মহানগৰীৰ ভঙাগড় নৰকাসুৰ পাহাৰত ভয়ংকৰ ঘটনা।
টিভি টাৱাৰৰ সমীপৰ উদয়াচলত বিষ্ফোৰণ হৈছে ৬ টাকৈ চিলিণ্ডাৰ ।
চিলিণ্ডাৰ বিষ্ফোৰণৰ ফলতে সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডত এগৰাকী মহিলা থিতাতে মৃত্যু হয়।
মৃত মহিলাগৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।