গুৱাহাটীঃ কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ অনুসূচিত জাতি, জনজাতি তথা অন্যান্য পিছপৰা জাতি উন্নয়ন পৰিষদৰ বিভিন্ন বিষয় আলোচনাৰ বাবে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।
পৰিষদৰ সদস্য-সচিব তথা ভাৰপ্ৰাপ্ত মহকুমা কল্যাণ বিষয়া সুস্বপ্না কাকতিৰ উপৰিও তিনিও পৰিষদৰে অধ্যক্ষ আৰু আন-আন সদস্যসকল উপস্থিত থকা এই সভাত মহকুমাভিত্তিক তালিকাৰ বিসংগতি দূৰীকৰণৰ ওপৰত আলোচনা কৰাৰ উপৰি চৰকাৰী আঁচনি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত প্ৰকৃত হিতাধিকাৰী যাতে বাদ পৰি যাব নোৱাৰে তাৰ ওপৰত গুৰুত্ব দিবলৈ উপায়ুক্তগৰাকীয়ে অনুৰোধ কৰে।
লগতে পঢ়কঃবিশ্ব কৰ্কট দিৱসৰ উপলক্ষে কৰ্কট ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ বিষয়ক ৱেবিনাৰ অনুষ্ঠিত
আনহাতে, আঁচনি কাৰ্যকৰী কৰাৰ পিছত সত্যা-সত্যৰ প্ৰমাণ হিচাপে হিতাধিকাৰীসকলৰ পৰা লাভ কৰা ৰছিদ সংলগ্ন কৰি ৰিপৰ্ট প্ৰস্তুত কৰি উপায়ুক্তৰ লগতে চৰকাৰৰ সংশ্লিষ্ট বিভাগলৈ পঠাবলৈ উপায়ুক্তগৰাকীয়ে সভাত অনুৰোধ জনায়।