গুৱাহাটীঃ মহানগৰীৰ গীতানগৰৰ আমাৰ পথত অঘটন।

নিশা অহা বতাহ – বৰষুণৰ জাকৰ ফলত বিদ্যুৎ পৰিবাহী তাৰ ছিঙি বিদ্যুৎপৃষ্ট হৈ মৃত্যু এজন লোকৰ।

মৃত লোকজনৰ নাম মদন ৰয় বুলি জানিব পৰা গৈছে।

দিন হাজিৰা কৰি নিজ ঘৰলৈ উভতাৰ পথত সংঘটিত হয় এই অঘটন।

সংকটজনক অৱস্থাত স্থানীয় লোকে বিদ্যুৎপৃষ্ঠ হোৱা লোকজনক GMCH লৈ প্ৰেৰণ কৰে।

GMCH ত লোকজনক মৃত বুলি ঘোষণা কৰে চিকিৎসকে।

লগতে পঢ়কঃগোলাঘাট বন বিভাগৰ বিৰুদ্ধে গোচৰ পৰিৱেশকৰ্মী অপূৰ্ববল্লভ গোস্বামীৰ

মৃত লোকজন পেছাত এজন ৰিক্সা চালক।

ঘটনাস্থলীত বিদ্যুৎ বিভাগৰ লোকক স্থানীয় লোকে বাৰম্বাৰ খবৰ দিয়াৰ পিছতো উপস্থিত নোহোৱাৰ অভিযোগ অঞ্চলবাসীৰ। মৃত লোকজন ধুবুৰীৰ গোলোকগঞ্জৰ।

গীতানগৰৰ আমাৰ পথত ভাৰাতীয়া হিচাপে আছিল লোকজন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply