গুৱাহাটীঃ গুৱাহাটী ৰে’ল ষ্টেচনত অঘটন। গুৱাহাটী-মোৰ্কংছেলেক এক্সপ্ৰেছখনৰ ৰেল চালকৰ মৃত্যু।
ইঞ্জিনত পানী ভৰাবলৈ যোৱাৰ সময়ত সংঘটিত হয় এই অঘটন।
উচ্চ ভল্টেজ সম্পন্ন বিদ্যুতৰ তাঁৰত স্পৰ্শ হোৱাৰ ফলত নিহত হয় ৰেল চালকজন।
নিহত পাইলটজন গোলাঘাট জিলাৰ বৰপথাৰৰ শিৱ শইকীয়া বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃনিশা কালাপাহাৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড
গুৱাহাটী-মাৰ্কংছেলেক ৰেলখনৰ ইঞ্জিনৰ সমীপত উদ্ধাৰ হয় চালকজনৰ মৃতদেহ।
৭নং প্লেটফৰ্মৰ ৭ নম্বৰ লাইনত এই শোকাবহ ঘটনা সংঘটিত হয়।