গুৱাহাটীঃ খানাপাৰাৰ উৰণীয়া সেতুত কিশোৰীৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য।
উৰণীয়া সেতুৰ ওপৰেৰে অহা-যোৱা কৰা বাহনৰ খুন্দাত কিশোৰী গৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
বৰ্তমান লৈকে কিশোৰীগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই।
বশিষ্ট আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।