গুৱাহাটীঃ মহানগৰীৰ গান্ধীবস্তিত নলাত যুৱকৰ মৃতদেহ উদ্ধাৰ।
উদ্ধাৰ হোৱা মৃতদেহটো হামিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।
দেওবাৰে হামিদুলক সেই ঠাইত প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে।
যুৱকজনৰ দেহটো কোনো ধৰণৰ আঘাতৰ চিন নাই।
লগতে পঢ়কঃৰ’পৱেত ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত দুজন, অব্যাহত উদ্ধাৰ অভিযান
কাপোৰৰ ব্যৱসায়ৰ সৈতে জড়িত হামিদুল নিশা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ উভতি যোৱাৰ পথত নলাত পৰি যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰিছে।