গুৱাহাটীঃ পুনৰ মহানগৰীত উদ্ধাৰ হৈছে মৃতদেহ। বোন্দাৰ চপাইদাঙত এটা ইটাভাটাৰ সমীপত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। মৃতদেহটো এতিয়ালৈকে চিনাক্ত হোৱা নাই। পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো।
লগতে পঢ়কঃএখন বিদ্যালয়ত তিনিটাকৈ বিস্ফোৰণঃ নিহত ৪জন, আহত ১৪জন…
এইয়া হত্যা নে আত্মহত্যা এতিয়ালৈকে জানিব পৰা হোৱা নাই।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, প্ৰতিদিনেই মহানগৰীত মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।