গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ হাতীগাওঁ চাৰিআলিৰ মন্দাকিনী এপাৰ্টমেন্টত অভিযন্তাৰ মৃতদেহ উদ্ধাৰ।
মৃত লোকজন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা মৃণাল কলিতা বুলি জানিব পৰা গৈছে।
কিদৰে অভিযন্তা গৰাকীৰ মৃত্যু হ’ল সেই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই।
অভিযন্তা গৰাকীৰ ডিঙিত চোকা অস্ত্ৰৰ আঘাতৰ চিন।
মৃতদেহটোৰ কাষত উদ্ধাৰ হৈছে এখন চোকা অস্ত্ৰ।
আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো জিএমচিএইচলৈ প্ৰেৰণ কৰিছে ।
মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।