গুৱাহাটীঃ মহানগৰীৰ চানমাৰীত মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য। অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ কাষতে পথৰ দাঁতিত উদ্ধাৰ মৃতদেহটো। মৃতদেহটো এতিয়ালৈকে চিনাক্ত হোৱা নাই। মৃতদেহটোৰ কাষতে পোৱা গৈছে ড্ৰাগছৰ কণ্টেইনাৰ। অত্যধিক ড্ৰাগছ সেৱন কৰাৰ ফলতে যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।

লগতে পঢ়কঃমহানগৰীত আৰক্ষীৰ অভিযানঃ ৪০ কেজি গাঞ্জাসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

পুৱা ৭বাজি ৩০ মিনিটত এজন অচিনাক্ত ব্যক্তিয়ে স্থানীয় এজন যুৱকলৈ ফোন কৰি মৃতদেহটো পৰি থকাৰ কথা উল্লেখ কৰে। যুৱকজনে ওলাই আহি মৃতদেহটো প্ৰত্যক্ষ কৰে। মৃতদেহটোৰ সমীপত সেইসময়ত কোনো লোক নাছিল। যুৱকজনে ১০০নম্বৰত ডাইল কৰি ইমাৰজেঞ্চিত ফোন কৰাৰ পাছত চানমাৰী থানাই যোগাযোগ কৰে। ঘটনাস্থলীত আৰক্ষী লগে লগে উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। মৃত যুৱকজনৰ মুখৰ পৰা ফেন ওলাই থকা প্ৰত্যক্ষ কৰা হৈছে। ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে মৃতদেহটো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply