গুৱাহাটীঃ মহানগৰীৰ বামুণীমৈদামৰ ভাস্কৰ নগৰত মৃতদেহ উদ্ধাৰ।এটা নলাত বস্তাত মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো। উদ্ধাৰ হোৱা মৃতদেহটো ২৫বছৰীয়া মফিদা বেগমৰ বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে সোমবাৰৰ পৰা সন্ধানহীন হৈ আছিল মফিদা বেগম। স্থানীয় লোকে মফিদা সন্দৰ্ভত স্বামী আলতাফ আলীক প্ৰশ্ন কৰাত পত্নী দৰঙৰ মাতৃগৃহলৈ যোৱা বুলি উল্লেখ কৰিছিল বুলি জানিব পৰা গৈছে।

মফিদাৰ মৃতদেহ উদ্ধাৰৰ পিছতেই দুই সন্তানৰ সৈতে পলায়ন কৰিছে স্বামী আলতাফ আলীয়ে।

আৰক্ষীয়ে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰিছে। গুৱাহাটী আৰক্ষীৰ উপ আৰক্ষী আয়ুক্ত পল্লৱ তামুলীয়ে কয়, “মহিলাগৰাকীৰ স্বামীয়ে মহিলাগৰাকীক হত্যা কৰি পলায়ন কৰিছে। মহিলাগৰাকীৰ শৰীৰত আঘাতৰ কোনো চিহ্ন নাই আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। আমি বৰ্তমান আলতাফ আলীৰ সন্ধানত তদন্ত আৰম্ভ কৰিছো।”

আৰক্ষীয়ে আলটাফ আলীক কৰায়ত্ত কৰাৰ পিছতহে ঘটনা সন্দৰ্ভত প্ৰকৃত তথ্য পোহৰলৈ আহিব। শেহতীয়াকৈ গুৱাহাটীত ইটোৰ পিছত সিটোকৈ মৃতদেহ উদ্ধাৰৰ ঘটনাই নিৰাপত্তা দিশটোৰ ফোঁপোলা স্বৰূপ উদঙাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply