গুৱাহাটীঃ গুৱাহাটীৰ কলাক্ষেত্ৰৰ সমূখত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। এটা নিৰ্মীয়মান অট্টালিকাৰ কাষত থকা জংঘলত বোকাৰে লুটুৰী-পুতুৰী হৈ থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। পুৱা স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোৱা গৈছে মৃতদেহটোৰ পিঠিৰ বাওঁফালে আৰু হাতত আঘাতৰ চিন স্পষ্ট। মৃতদেহটোৰ পৰিচয় সন্দৰ্ভত বৰ্তমানলৈকে একো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। কোনোলোকে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ কৰিছে একাংশই।

উল্লেখ্য যে, বিল্ডিঙটোৰ নিৰ্মাণৰ কামত জড়িত থকা পাঁচজন শ্ৰমিক মৃতদেহটো উদ্ধাৰৰ পিছতেই পলায়ন কৰিছে। ইফালে শ্ৰমিকক চোৱা চিতাৰ দায়িত্বত থকা লোকজনক পুৱতি নিশা চুৰ অহা বুলি জনাইছিল শ্ৰমিক কেইজনে। আৰক্ষীৰ তদন্তৰ পিছতেই পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ ৰহস্য।

উত্তৰ-পূবৰ প্ৰৱেশদ্বাৰ স্বৰূপ গুৱাহাটীত চলিত বৰ্ষত কেইবাটাও হত্যাকাণ্ড সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। বুধবাৰে বামুনীমৈদামৰ ভাস্কৰ নগৰ অঞ্চলত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল। মফিদা বেগম নামৰ ২৫ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহটো ৰে’লপথৰ কাষৰ এটা নলাত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছিল।

ইয়াৰ পূৰ্বে দেওবাৰে বশিষ্টত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল। মৃতদেহটোৰ শৰীৰত আছিল লোহাৰ ৰডে বিন্ধা কৰোৱা আৰু ২৪ জুলাইত গুৱাহাটীৰ সাতমাইলত উৱলি যোৱা এটা মৃতদেহ উদ্ধাৰ হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply