গুৱাহাটীঃ মহানগৰীত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। মৃত্যু উপত্যকালৈ পৰিণত হৈছে মহানগৰী গুৱাহাটী। বিগত চাৰিদিনত সপ্তাহটোৰ ভিতৰতে গুৱাহাটীত উদ্ধাৰ হৈছে তিনিটাকৈ মৃতদেহ। শনিবাৰে পুনৰ গুৱাহাটীৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ৰ সমীপত ৰূপনগৰ অঞ্চলৰ ভৰলু দলঙৰ তলত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ। মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে।
মৃতদেহটো আৰক্ষীয়ে প্ৰত্যক্ষ কৰি ৩০-৩৫ বছৰৰ এজন যুৱকৰ মৃতদেহ বুলি উল্লেখ কৰিছে। যুৱকজনক দুৰ্বৃত্তই অন্য স্থানত হত্যা কৰি দলঙৰ তলত মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বিৰুবাৰী আৰক্ষীয়ে। প্ৰায় এসপ্তাহ ধৰি দলঙৰ তলত পৰি আছিল মৃতদেহটো।
বিৰুবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে কয়, “আমি এতিয়াও মৃতকৰ পৰিচয় জানিব পৰা নাই। যিহেতু মৃতদেহটো উৱলি গৈছে গতিকে আঘাতৰ চিন আমি বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ পিছতহে সকলো জানিব পৰা যাব।”
উত্তৰ-পূবৰ আটাইতকৈ সৰ্ববৃহৎ চহৰ গুৱাহাটীত চলিত বৰ্ষত কেইবাটাও হত্যাকাণ্ড সংঘটিত হৈছে। শেহতীয়াকৈ চহৰখনত এক ডজনৰো অধিক মৃতদেহ উদ্ধাৰ কৰা হৈছে।
ইয়াৰ পূৰ্বে শুকুৰবাৰে পাঞ্জাবাৰী অঞ্চলৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ওচৰৰ এটা নিৰ্মীয়মান অট্টালিকাৰ সমীপত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল।
বুধবাৰে, বামুনীমৈদামৰ ভাস্কৰ নগৰ অঞ্চলত প্লাষ্টিকেৰে মেৰিওৱা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল। মফিদা বেগম নামৰ ২৫ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহটো ৰে’লপথৰ কাষৰ এটা নলাত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছিল।
আনহাতে, ২৪ জুলাইত সাতগাঁও অঞ্চলতো উৱলি যোৱা এটা মৃতদেহ উদ্ধাৰ হৈছিল। ইয়াৰ পিছত ৩১ জুলাইত, বশিষ্ট অঞ্চলত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল। যুৱক জনৰ শৰীৰত লোহাৰ ৰড সুমুৱাই হত্যা কৰা হৈছিল।