গুৱাহাটীঃ মহানগৰীৰ হায়াত হস্পিতালৰ সমীপত উদ্ধাৰ এটা মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো ৰাম চন্দ্ৰ বৈঠা নামৰ এগৰাকী ধোবাৰ বুলি চিনাক্ত।
প্ৰায় ২২ বছৰ ধৰি বিহাৰৰ পৰা আহি ওদালবাক্ৰাতেই ধোবা হিচাপে ব্যৱসায় কৰি আছিল ৰাম চন্দ্ৰ বৈঠাই।
আজি পুৱাৰ ভাগতে তেখেতৰ দোকানৰ সমীপৰ নলা এটাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে তেওঁৰ মৃতদেহ।
ঘটনাস্থলীত ওদালবাক্ৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে তদন্ত কৰে সমগ্ৰ ঘটনাটো।
ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা মৃতদেহটো। এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই ৰাম চন্দ্ৰ বৈঠৰ মৃত্যুৰ কাৰণ।