গুৱাহাটীঃ মহানগৰীত ড্ৰাগছসহ আটক দুই ড্ৰাগছ সৰবৰাহকাৰী। পাণবজাৰ আৰক্ষীথানাৰ CGPD ৰএটা দলে অভিযান চলাই আটক কৰে ড্ৰাগছসৰবৰাহকাৰী দুটাক। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম ৰাজেশ দে আৰু বুদুৱা চৌহান।
লগতে পঢ়কঃমহানগৰীত মহিলাক দলবদ্ধ ধৰ্ষণ: গ্ৰেপ্তাৰ তিনি যুৱক
সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২.৫ গ্ৰাম হেৰোইন, দুটা চিৰিঞ্জ, ২১টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু নগদ ১২০০ টকা। আৰক্ষী এই সন্দৰ্ভত সোচপোচা অব্যাহত ৰাখিছে।