গুৱাহাটীঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰোধী অভিযান।
যুটীয়া আৰক্ষী আয়ুক্ত, আই পি এছ পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত মহানগৰ আৰক্ষীয়ে সোমবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় জব্দ কৰে ৪.৫ কেজি ড্ৰাগছ। JH 19 A 5623 নম্বৰৰ এখন ট্ৰাকৰ বাম্পাৰত লৈ আনিছিল ড্ৰাগছখিনি।
নিষিদ্ধ হেৰ’ইন খিনি ম্যানমাৰৰ পৰা মণিপুৰ মৰৱে হৈ উত্তৰ ভাৰতলৈ সৰবৰাহ কৰিবলৈ অনা হৈছিল।
আৰক্ষীয়ে দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰিছে। সৰবৰাহকাৰী দুজন মণিপুৰৰ ম: ইডমি আৰু ম: নবাজ খান।
জব্দ হোৱা হেৰ’ইন খিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য ৩১.৫ কোটিৰ পৰা ৩৬ কোটি টকা বুলি জানিব দিয়ে আৰক্ষী গৰাকীয়ে।
ইতিমধ্যে ব্যক্তিকেইজনৰ ওপৰত 151/2022/ 21/ C24 29 ndpc act নম্বৰত গোচৰ ৰুজু কৰা হৈছে।
ৰাজ্যত চলি থকা চুপাৰি চিণ্ডিকেটৰ সন্দৰ্ভতো আই পি এছ পাৰ্থসাৰথি মহন্তই কয় যে ৮ দিনৰ পৰা এই বিষয়টোৰ ওপৰত তদন্ত চলি আছে । চুপাৰি সন্দৰ্ভত নতুন তথ্য অহা নাই। দুটামান অঞ্চলত চোৰৰ সংখ্যা বেছি হৈছে। সেইবাবে আমি ৩ জন DCPক চাবলৈ নিৰ্দেশ দিছো। চোৰৰ বাবে কেৱল থানাতেই যাতে তদন্ত নাথাকে DCP য়েও চাই তাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰা হৈছে। গুৰুত্ব সহকাৰে লৈ উচ্চ পৰ্যায়ত তদন্ত বাবে আমি এতিয়া চিন্তা চৰ্চা চলাইছো।
ইফালে মেঘদূত ভৱনত চুৰিকাণ্ডৰ সন্দৰ্ভত অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক গৰাকীয়ে কয় যে DCPৰ জৰিয়তে চুৰিকাণ্ডৰ ঘটনাৰ তদন্ত অব্যাহত আছে । Cctvত সকলোৰে মুখমণ্ডল স্পষ্ট সিমান হোৱা নাই । যাতে কোনো নিৰ্দোষী মানুহ গ্ৰেপ্তাৰ নহয় সেইবাবে তন্ন তন্ন কৈ পৰীক্ষা কৰি থকা হৈছে।