গুৱাহাটী : কভিড সম্পৰ্কে ৰাজ্যৰ শিক্ষা বিভাগৰ বৃহৎ ঘোষণা। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা। গুৱাহাটীত এটা দিনত কভিড আক্রান্তৰ সংখ্যা ১ হাজাৰ স্পৰ্শ কৰিলে বন্ধ কৰি দিয়া হ’ব সকলো শিক্ষা অনুষ্ঠান। কামৰূপ মহানগৰ জিলা প্ৰশাসনে বন্ধ কৰি দিব শিক্ষা অনুষ্ঠান। বৃহস্পতিবাৰে শিক্ষা বিভাগে জাৰি কৰিব এই নিৰ্দেশনা।

দেশত কভিড মহামাৰীৰ দ্বিতীয় ঢৌ দিনক দিনে অধিক বেয়াৰ ফালে গতি কৰিছে। কভিড আক্রান্তৰ লগতে মৃতকৰ সংখ্যাই সকলো ৰেকৰ্ড ভংগ কৰিছে। দেশৰ ৰাজধানী দিল্লীৰ লগতে মহাৰাষ্ট্ৰৰ অৱস্থা শোচনীয় হৈ পৰা পৰিলক্ষিত হৈছে। অসম বর্তমানলৈকে বহু খিনি সুৰক্ষিত হৈ আছে যদিও চৰকাৰে এই কভিডকলৈ সম্পূৰ্ণ প্ৰস্তুত হৈ থকা পৰিলক্ষিত হৈছে।

ৰাজ্য চৰকাৰে ইতিমধ্যে কভিড ৰোধৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। ৰাইজ সামাজিক দূৰত্ব বজাই চলাৰ লগতে ঘৰৰ পৰা ওলাই আহোঁতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে সন্ধিয়া ৬ বজাৰ পিছত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে।

ইফালে প্ৰতিদিনে কভিড আক্ৰান্তৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষা বিভাগে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। শিক্ষামন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সাংবাদিকক জানিবলৈ দিয়ে যে গুৱাহাটীত এটা দিনত ১ হাজাৰ লোক কভিডত আক্রান্ত হ’লেই সকলো শিক্ষা প্ৰতিষ্ঠান সম্পূৰ্ণ বন্ধ কৰি দিয়া হ’ব।

মন্ত্রী গৰাকীয়ে লগতে কয় যে আক্রান্ত হাৰ যদি প্ৰতিদিনে ১ হাজাৰ অব্যাহত থাকে তেন্তে কামৰূপ মহানগৰ জিলাৰ সকলো বিদ্যালয়, মহাবিদ্যালয়, হোষ্টেল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ বাবে শিক্ষা বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে। কামৰূপ মহানগৰৰ জিলা উপায়ুক্তই শিক্ষা প্ৰতিষ্ঠান সমূহ বন্ধ কৰিব আৰু এই সম্পৰ্কে শিক্ষা বিভাগে বৃহস্পতিবাৰে এক নিৰ্দেশনা জাৰি কৰিব।

উল্লেখ্য যে ৰাজ্যত প্ৰতিদিনে বহু নতুন লোক কভিডত আক্রান্ত হৈ আছে। ৰাজ্যৰ অন্যান্য জিলা সমূহৰ তুলনাত আক্রান্ত হাৰ অধিক কামৰূপ মহানগৰ জিলাত। মঙলাবাৰৰ দিনটোত কামৰূপ মহানগৰ জিলাত ৭৪২ গৰাকী লোক নতুনকৈ কভিডত আক্রান্ত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,904 other subscribers

Leave a comment

Leave a Reply