গুৱাহাটী: মহানগৰীৰ বেলতলাত নৃশংস হত্যাকাণ্ড । বেলতলাৰ চন্দননগৰত সংঘটিত হয় জঘন্য হত্যাকাণ্ড । ঘৰৰ ভিতৰতে বৃদ্ধ দম্পতীক হত্যা কৰিলে ডকাইতে । বেলতলাৰ চন্দনগৰৰ ঘৰ নং ১ত ডকাইতে বৃদ্ধ দম্পতীক নৃশংস হত্যা কৰি যোৱাৰ সন্দেহ আৰক্ষীৰ ।
৮৬ বছৰীয়া ননী গোপাল বৰুৱাৰ ঘৰত ডকাইতিকাণ্ড ।প্ৰাক্তণ অভিযন্তা ননীগোপাল বৰুৱা আৰু ৭৬ বছৰীয়া পত্নী প্ৰাক্তণ শিক্ষয়িত্ৰী মীনা বৰুৱা দুই কন্যা বাংগালুৰুত থকাৰ বাবে অকলেই আছিল বাসগৃহত । চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা দম্পতীক।

খিৰিকীৰ গ্ৰীল কাটি ঘৰত সোমাইছিল ডকাইত ! ছাৰ্ভেৰ চন্দননগৰ এলেকাৰ দুই বয়োবৃদ্ধ ননী গোপাল বৰুৱা আৰু শিক্ষয়িত্ৰীমীনা বৰুৱাৰ মৃতদেহ পুৱা তেজৰ ডোঙাত উদ্ধাৰ হোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। প্ৰাথমিক ধাৰণা মতে, দুৰ্বৃত্তই এখন ভঙা খিৰিকীৰে ঘৰত প্ৰৱেশ কৰি ঘৰৰ বহুকেইটা বহুমূলীয়া বস্তু লৈ উধাও হয়। ঘৰৰ দুৱাৰসমূহো ভঙা অৱস্থাত উদ্ধাৰ হৈছে।

চোকা অস্ত্ৰৰে মূৰত আঘাত কৰি বয়োবৃদ্ধ দম্পত্তিক হত্যা কৰাৰ সন্দেহ কৰা হৈছে। দুয়োকে তেজৰ ডোঙাৰ মাজত উদ্ধাৰ কৰা হয়। শোৱাপাটীতে কোনে এনেকৈ হত্যা কৰিলে তাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

পুৱাৰ ভাগত কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে ব্ৰেকফাষ্ট দিবলৈ যাওঁতে খিৰিকীৰ গ্ৰীল কটা অৱস্থাত প্ৰত্যক্ষ কৰে। পুৱা বহুদেৰিলৈকে ঘৰৰ দুৱাৰ বন্ধ থকাত সন্দেহ উপজাত ঘটনাটো পোহৰলৈ আহে।

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে অকলশৰীয়াকৈ থকা বৃদ্ধ দম্পত্তিৰ হত্যাকান্ডই মহানগৰবাসীৰ সুৰক্ষাৰ দিশতো স্বাভাবিকতে প্ৰশ্ন উঠেছে ।

লগতে পঢ়ক-ৰাজ্যত জলসিঞ্চন বিভাগত সংঘটিত হোৱা বৃহৎ কেলেংকাৰী ফাদিল

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে চিচিটিভি ফুটোজত দুজন ব্যক্তি ঘৰৰ ভিতৰত সোমোৱাৰ দৃশ্য ধৰা পৰা বুলি জানিব পৰা গৈছে ।
আনহাতে পৰিয়ালটোৰ চোৱাচিতা কৰা আকাশ চৌধুৰী আৰু তেওৰ পত্নীকো সোধাপোচা চলাইছে আৰক্ষীয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply