গুৱাহাটীঃ মহানগৰীৰ লখৰাৰ লালুংগাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ। হাতীৰ তাণ্ডৱত উজাগৰী নিশা পাৰ কৰিবলগীয়া হয় অঞ্চলটোৰ ৰাইজ।
খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত বনৰীয়া হাতীৰ মুক্ত বিচৰণ। হাতীটোৱে এজন লোকৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে।
বনৰীয়া হাতীটোৰ মুক্ত বিচৰণৰ ফলত স্থানীয় ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
লগতে পঢ়কঃশিল্পী পেঞ্চনৰ পৰা এইবাৰো বঞ্চিত মঘাই ওজাৰ প্ৰিয় শিষ্য টীয়কৰ বলাই হাজৰিকা ওজা
নিশাই স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটোক বনাঞ্চলত খেদি পঠিয়াই।
উল্লেখ্য যে অঞ্চলটোত প্ৰায়ে বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱ চলায়।