গুৱাহাটীঃৰাজ্যত চলিছে ভুৱা চিকিৎসকৰ দপদপনি।
গুৱাহাটীৰ এখন আগশাৰীৰ চিকিৎসালয় ‘প্ৰতীক্ষা হাস্পতাল’ত কৰ্মৰত দুই ভুৱা চিকিৎসক জালত পৰিল মহানগৰী আৰক্ষীৰ ।
ধৃত চিকিৎসকদ্বয় হৈছে মনোৰঞ্জন ৰয় আৰু হৃষীকেশ ভূঞা ৷
ৰোগীৰ জীৱনৰ লগত হেতালি খেলা এই দুই ভুৱা চিকিৎসকে ২০১৯চনৰ পৰা চিকিৎসক হিচাপে হস্পিতালখনত কাম কৰি আছিল ।
ভুৱা প্ৰমাণ-পত্ৰ দেখুৱাই হাস্পতালখনত চিকিৎসক হিচাপে নিয়োজিত হৈছিল দুয়োগৰাকী চিকিৎসকে।
গোপন সূত্ৰত খবৰ লাভ কৰি ‘শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়’য়ে ভঙাগড় থানাত দুয়োগৰাকী চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।
বুধবাৰে ক্ৰাইম ব্ৰাঞ্চে বশিষ্ঠৰ পাথৰ কুঁৱেৰীৰ পৰা আটক কৰে দুই চিকিৎসকক।
মুন্নাভাইৰূপী দুই চিকিৎসকৰ কাণ্ডই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।