গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত বিএ এল এল বি পৰীক্ষাৰ ফলাফলত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা মমী বৈশ্যক গুৱাহাটীৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান ‘সুকল্প ফাউণ্ডেছনে’ আনুষ্ঠানিকভাবে সম্বদ্ধৰ্না জ্ঞাপন কৰে ৷
এই সন্দৰ্ভত অনুষ্ঠিত এক অনুষ্ঠানত উক্ত পৰীক্ষাত প্ৰথম শ্ৰেণীৰ চতুৰ্থ স্থান লাভ কৰা প্ৰিয়ংকা কৌৰ আৰু প্ৰথম শ্ৰেণীৰ সপ্তম স্থান লাভ কৰা অভিলাষ মৌচম গগৈকো এখন ফুলাম গামোচা আৰু উপহাৰৰ টোপলাৰে অভিনন্দন জ্ঞাপন কৰা হয় ৷
লগতে পঢ়কঃকামৰূপ জিলা দিৱসৰ কাৰ্যসূচীত একাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ
অনুষ্ঠানত তিনিওগৰাকী কৃতি শিক্ষাৰ্থীয়ে ভৱিষ্যতত অসম ন্যায়িক সেৱা (AJS) পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ হাবিয়াসৰ বিষয়ে উল্লেখ কৰে ৷ উল্লেখ্য যে ‘সুকল্প ফাউণ্ডেচনে’ ৰাজ্যত বৃত্তিমুখী ন্যায় শিক্ষা আৰু প্ৰশাসনিক শিক্ষাৰ ক্ষেত্ৰত প্ৰতিভাৱান শিক্ষাৰ্থক উপযুক্ত প্ৰশিক্ষণ দি আহিছে৷