গুৱাহাটীঃ মঙলবাৰে সন্ধিয়া পুনৰ গুৱাহাটীৰ ফেৰীত অঘটন। সন্ধিয়া ৫.১৫ বজাত গুৱাহাটী ফাঁচী বজাৰ ঘাটৰ পৰা উত্তৰ গুৱাহাটীৰ মাজগাঁও ঘাটলৈ আহিবলগীয়া ফেৰীৰ ইঞ্জিন বিকল।

এম ভি পুঠিমাৰী নামৰ জাহাজখনৰ ইঞ্জিন বিকল হৈ আধাঘণ্টা ধৰি পাৰঘাটতে আবদ্ধ হৈ থাকে। ফেৰীৰ ইঞ্জিন বিকল হোৱাত হুৱাদুৱা লাগে যাত্ৰীৰ মাজত।

পাৰঘাটৰ পৰা জাহাজ মুকলিৰ লগে লগে এইদৰে ইঞ্জিন বিকল হৈ পৰাত আতংকই বিৰাজ কৰে যাত্ৰীসকলৰ মাজত। 

লগতে পঢ়কঃমেঘালয়ত পূজা চাবলৈ যোৱা অসমৰ দুই যুৱকৰ মৃত্যু

অৱশেষত মাজগাঁও ঘাটত সংলগ্ন কৰা ৰোপেক্স জাহাজেৰে মাজগাঁও ঘাটলৈ অনা হ’ল যাত্ৰীসকলক। জাহাজৰ  এই ভেঁকোভাওনাক লৈ জাহাজৰ যাত্ৰীয়ে উত্তাল পৰিৱেশ সৃষ্টি কৰে। উন্নত ফেৰী সেৱাৰ দাবী জনায় জল পৰিবহণ তথা কামৰূপ আৰু মহানগৰ উভয় প্ৰশাসনক ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply