গুৱাহাটীঃ মহানগৰীৰ নটবমা ছোৱালী মাদ্ৰাছাত অগ্নিকাণ্ড।
অগ্নিকাণ্ডত জাহ গ’ল মাদ্ৰাছাখনৰ শ্ৰেণীকোঠা।
কথমপি প্ৰাণৰক্ষা মাদ্ৰাছাখনৰ ছাত্ৰীসকলৰ লগতে আন কৰ্মচাৰীসকলৰ।
জুইৰ ঘটনাৰ খবৰ লাভৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ লোক।
স্থানীয় ৰাইজ তথা অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত অৱশেষত নিৰ্বাপন হয় জুই।
লগতে পঢ়কঃকামৰূপ জিলাত আন্তঃৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ প্ৰতিনিধি দল
অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।
জানিব পৰা মতে, মাদ্ৰাছাখনত অনাথ ছোৱালীকলক শিক্ষাদান কৰা হয়। অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ ফলত সমগ্ৰ অঞ্চলটোতে হুৱাদুৱাৰ সৃষ্টি হয়।