গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা। প্ৰেমজনিত কাৰণত সংঘটিত হৈছে এই ঘটনা। মহানগৰীৰ বশিষ্টত সংঘটিত হৈছে এই ঘটনা।

প্ৰেমিকাৰ ককায়েকে মানি লোৱা নাছিল সম্পৰ্ক। গতিকে পশ্চিম বংগৰ পৰা আহি প্ৰেমিক গুৱাহাটীৰ প্ৰেমিকাৰ ঘৰত উপস্থিত হৈ গুলী চলাই ককায়েকক।

গুলীবিদ্ধ যুৱকজনৰ নাম প্ৰেম কুমাৰ দেৱ বুলি জানিব পৰা গৈছে।

গুলীচালনা ঘটনা সংঘটিত কৰি কোঠালিৰ ভিতৰত আত্মগোপন অভিযুক্ত প্ৰেমিক সমৰ ৰয়ৰ।
আৰক্ষী আহি গুলীচালনা কৰা যুবক জনক আটক কৰি লৈ যায়। যুবক জন পশ্চিমবংগৰ পৰা অহা বুলি প্ৰকাশ। কিয় গুলীয়ালে এতিয়াও স্পষ্ট হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply