গুৱাহাটীঃ মহানগৰবাসীয়ে লাভ কৰিলে আন এখন উৰণীয়া সেতু। আজি মুকলি কৰা হ’ল আৰ্য নগৰৰ উৰণীয়া সেতু । প্ৰায় ৩০মাহ ধৰি নিৰ্মাণ কাৰ্য চলি থকা উৰণীয়া সেতুখনৰ কাম ১৯ মাহতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয়।

আৰ্য নগৰ চাৰিআলিত দুই লেনযুক্ত উৰণীয়া সেতুখনৰ আজি শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

যানযটৰ প্ৰতি লক্ষ্য ৰাখি দীঘলী পুখুৰীৰ পৰা অনুৰাধালৈ পুনৰ আন এখন উৰণীয়া সেতু নিৰ্মাণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। আনহাতে গড়চুক, বশিষ্ট আৰু চাইকেল ফেক্টৰীটো এখনকৈ ফ্লাই অভাৰ নিৰ্মাণ কৰা হ’ব। এই সেই পৰিকল্পনাসমূহ আগন্তক এবছৰৰ ভিতৰত আৰম্ভ কৰা হ’ব।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘চলিত বছৰ বহাগ বিহুৰ আগতে মালিগাঁও উৰণীয়া সেতুৰ উদ্ধোধন কৰিব পাৰিম। যদি সম্ভৱ নহয় তেন্তে শাৰদীয় দুৰ্গা পূজাৰ আগতে উদ্ধোধন কৰা হ’ব। ‘

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,595 other subscribers

Leave a comment

Leave a Reply Cancel reply