গুৱাহাটীঃ মহানগৰীৰ কুখ্যাত প্ৰবঞ্চক মৃদুপৱন নেওঁগৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান।

নিশা ২বজাৰ পৰা নগাঁও আৰক্ষী আৰু ভগদত্তপূৰ আৰক্ষীয়ে মৃদুপৱনৰ ফ্লেটত চলাইছিল অভিযান। আৰক্ষী অহাৰ উমান পাইয়ে বাসগৃহৰ পৰা পলায়ন কৰে মৃদুপৱন নেওগে। 

জালিয়াতিৰে বহু দুস্কাৰ্য সংঘটিত কৰাৰ অভিযোগ আছে নেওঁগৰ বিৰুদ্ধে।

যুৱকজনৰ বিৰুদ্ধে নেহাৰ কাৰ বজাৰে ৰুজু কৰিছিল নগাঁৱত গোচৰ। গাড়ী বিক্ৰীৰ নামত ৩০লাখ টকা প্ৰৱঞ্চনা কৰিছিল এই যুৱকজনে।

কাহিলিপাৰাৰ ভগদত্তপুৰৰ ঘৰত আৰক্ষীৰ অভিযানত পোহৰলৈ আহে বহু ঠগ-প্ৰৱঞ্চনাৰ ভয়ংকৰ তথ্য।

নিজকে কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পদস্থ বিষয়া বুলি গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভইন্ন ঠাইত ঠগ-প্ৰবঞ্চনা চলাই আহিছিল এই মৃদুপৱন নামৰ প্ৰৱঞ্চকটোৱে।

লগতে পঢ়কঃবিশেষ সম্প্ৰদায়ৰ ক্ষেত্ৰত কংগ্ৰেছৰ আন্দোলন, থলুৱাৰ ক্ষেত্ৰত মৌন :পীযুষ হাজৰিকা

আৰক্ষীৰ অভিযানৰ সময়ত যুৱকজনৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে বহু আপত্তিজনক নথি-পত্ৰ।

আৰক্ষীৰ অভিযানৰ সময়ত প্ৰবঞ্চক নেওগৰ গৃহত জব্দ হৈছে, এটা .৩২এম এম পিষ্টল, ২০জাই গুলী, বহু আপত্তিজনক নথি-পত্ৰ, ষ্টাম্প পেপাৰ, বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ, ভিজিটিং কাৰ্ড, ভাৰত চৰকাৰ লিখা থকা কেইবাখনো ফ্লেগ।

যুৱকজনে তেওঁৰ ব্যক্তিগত বাহনত ভাৰত চৰকাৰৰ ষ্টিকাৰ মাৰি থোৱা তথ্যও পোহৰলৈ আহিছে।
নিজকে ভাৰত চৰকাৰৰ বিষয়া বুলি পৰিচয় দিয়ে নেওঁগ উপাধিৰ এই প্ৰৱঞ্চকটোৱে।

দেশৰ তথা ৰাজ্যৰ বহু শীৰ্ষ ৰাজনৈতিক নেতাৰ সৈতে ঘনিষ্ঠ বুলি দাবী কৰে নেওঁগে।কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে সকলোৰে সৈতে ফটো উঠে প্ৰবঞ্চক মৃদুপৱনে।

অভিযানকালত আৰক্ষীয়ে পলাতক মৃদুপৱন নেওগৰ গাড়ী চালক বিসান বড়ো আৰু ব্যক্তিগত দেহৰক্ষী ৰাজেশ দিক্ষীতক আটক কৰিছে। উল্লেখ্য যে মাহিলী ৩৫ হাজাৰ টকা দৰমহা দি ৰাজেশ দিক্ষীতক দেহৰক্ষী ৰাখিছিল প্ৰবঞ্চক মৃদুপৱনে।

প্ৰবঞ্চক মৃদুপৱন নেওগৰ ঘৰ বোকাজানত বুলি জানিব পৰা গৈছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply