নিউজ ডেস্কঃ ২০২২-২৩ বৰ্ষৰ ভাৰতৰ অধ্যক্ষতাত দেশৰ বিভিন্ন চহৰত অনুষ্ঠিত হৈ আছে জি-২০ সন্মিলন। অসমৰ গুৱাহাটী আৰু ডিব্ৰুগড় চহৰতো জি-২০ সন্মিলনৰ পাঁচখনকৈ বৈঠক ২ আৰু ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হ’ব। সেয়ে গণৰাজ্যৰ দিৱসৰ প্ৰস্তুতিৰ সমান্তৰালকৈ জি-২০ সন্মিলনৰ অংশগ্ৰহণ কৰিবলৈ অহা বহিঃ ৰাজ্যৰ প্ৰতিনিধি সকলক আদৰিবলৈ সাজু হৈছে। গুৱাহাটীৰ জি-২০ বৈঠকত অংশগ্ৰহণৰ বাবে প্ৰায় ৪০-৫০ গৰাকী প্ৰতিনিধি অহাৰ সম্ভাৱনা আছে আৰু তেওঁলোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যাগত শুৱালকুছিৰ পাট-মুগাৰ বস্ত্ৰশিল্পক স্ব-চক্ষুৰে দেখুৱাবলৈ লৈ যোৱা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইতিমধ্যে কামৰূপ জিলাৰ প্ৰশাসনে ইয়াক লৈ ব্যস্ত হৈ পৰা দেখা পোৱা গৈছে। মঙলবাৰে শুৱালকুছিৰ লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাত কামৰূপ উপায়ুক্ত কীৰ্তি জল্লীৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। সভাত উপস্থিত থকা জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু মুখ্যমন্ত্ৰী বিশেষ কৰ্তব্যৰত বিষয়াই জানিবলৈ দিয়ে যে, জিলা প্ৰশাসনৰ তৰফৰ পৰা শুৱালকুছিৰ বাট-পথ চিকুনাই তোলাৰ লগতে চাৰিলেনযুক্ত পথৰ ডিভাইডাৰ সমূহত পুনৰ ৰং দিয়া হৈছে। লগতে বিষয়া কেইগৰাকীয়ে কয় যে, তাঁতশালৰ প্ৰদৰ্শনী আৰু কাপোৰ বিক্ৰী দোকানৰ বাবে পেণ্ডেলৰ ব্যৱস্থা কৰা হৈছে । শুৱালকুছিবাসীৰ তৰফৰ পৰা প্ৰতিগৰাকী প্ৰতিনিধিক একোখনকৈ পাটৰ চেলেং চাদৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলিও বিষয়া কেইগৰাকীয়ে জনাই ।

উল্লেখ্য যোগ্য যে, মুখ্যমন্ত্ৰীয়ে বিশ্বৰ আগত পাট-মুগা বস্ত্ৰক প্ৰতিষ্ঠা কৰা এক সপোন পৰিকল্পনা। যাৰ উদ্দেশ্যে ভাৰতৰ লগতে জি-২০ ত অংশগ্ৰহণ কৰিবলগীয়া আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ইণ্ডোনেছিয়া, ইটালী, জাপান, কোৰিয়া, মেক্সিকো, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা, তুৰস্ক, যুক্তৰাজ্য আৰু আমেৰিকা যুক্তৰাজ্য আদি বিশ্বৰ দেশ বোৰ আগত আদৰ বাঢ়াবৰ বাবে আৰু শুৱাকুছিৰ শিল্পটোৱে যাতে এখন নতুন বজাৰ লাভ কৰি চিৰযুগমীয়া কৰি ৰাখিব পাৰে সেইবাবে মুখ্যমন্ত্ৰীয়ে লৈছে এই বিশেষ পদক্ষেপ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply