গুৱাহাটী : ৰাজ্যৰ ৰাজধানী খোদ গুৱাহাটী মহানগৰীৰ বাট-পথ এতিয়া মহিলাসকলৰ বাবে অসুৰক্ষিত হৈ পৰিছে। মহানগৰীৰ মাজমজিয়া ৰুক্মিণী গাঁৱত এগৰাকী যুৱতীৰ ওপৰত এজন যুৱকে যৌন নিৰ্যাতনৰ চেষ্টা চলোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
শুকুবাৰে আৱেলি প্ৰায় ৪.৩০ বজাত সংঘটিত হোৱা উক্ত ঘটনাৰ ভিডিঅ’ বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল ফাইৰেল হৈ পৰিছে। নিৰ্যাতন চলাবলৈ চেষ্টা কৰা যুৱকজনক যুৱতী গৰাকীয়ে সাহসেৰে উভতি ধৰা কাৰ্য্যৰ সকলোৱে শলাগ লৈছে।
ঘটনাটো বিৱৰী ইষ্টম’জ’ৰ আগত যুৱতী গৰাকীয়ে কয়, ‘ব্যক্তিজন (নিৰ্যাতনকাৰী)-ৰ নাম মধুসনা ৰাজকুমাৰ, পাঞ্জাবাৰীত ঘৰ। কালি, মই বিপৰীত ফালৰ পৰা খোজ কাঢ়ি আহি থাকোতে স্কুটিলৈ তেওঁ মোৰ ওচৰলৈ আহি কিবা ঠিকনা এটা সোধে। মই শুনি পোৱা নাই বুলি কোৱাত তেওঁ মোৰ কাষলৈ আহি চিনাকী পথ ক’ত আছে বুলি সোধে। মই তেতিয়া তেওঁক নম্ব্ৰতাৰে নাজানো বুলি কৈ আন কাৰোবাক সুধিবলৈ কৈছিলো।’
‘সেই কথা কেইটা মই ক’বলৈ পালো কি নাই তেওঁ মোৰ স্তনত হাতদি মোৰ ওপৰত জপিয়াই পৰিব খুজিছিল,’ যুৱতী গৰাকীয়ে লগতে কয়।
ঘটনাৰ লগে লগে সেই স্থানৰ পৰা যুৱকজনে পলাবলৈ চেষ্টা কৰিছিল যদিও যুৱতী গৰাকীয়ে তেওঁক জোৰেৰে পিছলৈ টানি আনি তেওঁ যাতে স্কটিখন লৈ পলাব নোৱাৰে তাৰ বাবে স্কুটিখন ঠেলি কাষৰ নলাত পেলাই দিছিল।
ঘটনাৰ খবৰ পাই দিচপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰি তেওঁক আটক কৰে। সেই সময়ত তাত উপস্থিত থকা লোকসকলে যুৱতী গৰাকীয়ে সাহসেৰে পৰিস্থিতিটোক চম্ভালি লোৱাৰ বাবে তেওঁক প্ৰশংসা কৰে।
‘আমি মহিলা সকলে নিজকে এনে লোকৰ পৰা সুৰক্ষা দিবলৈ শিকিব লাগিব। আমি যদি কেতিয়াবা এনে ঘটনাৰ সন্মুখীন হওঁ তেতিয়া ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগিব, ভয় কৰি থাকিলে নহ’ব। ভয় কৰি থাকিলে এইধৰণৰ মানুহ বিলাকে এনে অপৰাধ কৰিবলৈ আৰু চল পাব,’ তেওঁ কয়।
লগতে পঢ়ক : অপ্ৰতিৰোধ্য লাভলীনা : ১৯৯৭ চনৰ ২ অক্টোবৰৰ পৰা টকিঅ’ অলিম্পিকৰ ছেমি ফাইনেল…