গুৱাহাটীঃ অশান্ত-জৰ্জৰ ইউক্ৰেইনত চাৰিওদিশে মাথো গোলাবৰ্ষনৰ শব্দ। বোমাৰ পোহৰেৰে চকমকাইছিল আকাশ। প্ৰাণৰ মমতাত সকলোৱে কটাবলীয়া হৈছিল বাংকাৰত।

ইউক্ৰেইনৰ ছুমিৰ পৰা একমাত্ৰ বন্ধুক লগত লৈ অৱশেষত স্বদেশত উপস্থিত হ’ল মহানগৰীৰ নীলিমা হুছেইন। অনাহাৰে বাংকাৰত কটোৱা সেই সময়ত নীলিমাৰ একমাত্ৰ সংগী আছিল অৰিঅ’ নামৰ মেকুৰীটো।

ভাৰত চৰকাৰে বিদেশৰ পৰা পোহনীয়া মেকুৰীটোৰ সৈতে উৰাজাহাজত যাত্ৰাৰ বাবে দুবাৰকৈ অনুমতি প্ৰদান কৰা নাছিল।অৱশেষত তৃতীয়খন ফ্লাইটত মেকুৰীটো লৈ অহাৰ অনুমতি পাইছিল নীলিমাই।

ছুমীত যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ ভয়াবহ পৰিস্থিতিৰ পৰা ভাৰতলৈ অহা এই যাত্ৰাটোৰ বিষয়ে বৰ্ণনা কৰি নীলিমাই কয়, ”ইউক্ৰেইনৰ ছুমী ৰাছিয়ান বৰ্ডাৰৰ নিচেই সমীপত। ৮মাৰ্চত আমাক ছুমীৰ পৰা পুলটাভাৰ নিৰাপদ স্থানলৈ লৈ অহা হৈছিল। পুলাটভা চুমীৰ পৰা ৩ঘন্টীয়া যাত্ৰা।কিন্তু আমাক এটা বেলেগ পথেৰে লৈ যোৱা হৈছিল য’ত সময় লাগিছিল ১২ঘন্টা। তাৰ পিছত লাভিভ মহানগৰলৈ ৰেলেৰে ১৮ঘন্টা যাত্ৰা কৰা হ’ল। ৰেলত আমাক কিছু খাদ্য দিয়া হৈছিল। লাভিভৰ পৰা আন এখন ৰেলেৰে প’লেণ্ডলৈ যাত্ৰা কৰা সময়ত আমাক কোনো খাদ্য আৰু পানীয়ো যোগান ধৰা নাছিল।

পোলেণ্ডত কোভিড ভেকচিনৰ প্ৰমাণপত্ৰৰ লগতে অৰিঅ’ৰ বাবে বিশেষ পাছপোৰ্ট আৰু অন্যান্য নথিপত্ৰৰ ব্যৱস্থা কৰা হৈছিল। অৱশেষত অৰিঅ’ক লৈ স্বদেশত উপস্থিত হ’ল নীলিমা হুছেইন।

ইউক্ৰেইনত যুদ্ধৰ এই ভয়াবহ পৰিস্থিতিৰ মাজত একমাত্ৰ মেকুৰীটোৱে আছিল নীলিমাৰ সাহস আৰু সংগী। যুদ্ধ বিধ্বস্ত পৰিৱেশত সংগীক এৰি থৈ অহাৰ কথাটোক লৈ মনটোৱে হাহাকাৰ কৰি উঠিছিল নীলিমাৰ।

যাৰ বাবে নীলিমাই সিদ্ধান্ত লৈছিল যিয়েই পৰিস্থিতি নহওক কিয় তেওঁ মেকুৰীটোক লৈ যাবই। যি সময়ত তেওঁ মৃত্যুৰ দুৱাৰদলিত ভৰি দিয়াৰ পিছতো ঘৰলৈ অহাৰ বাবে দুবাৰকৈ সুযোগ পাইও কেৱল মৰমৰ মেকুৰীটোৰ বাবে তৃতীয়বাৰতহে একেলগে ঘৰলৈ উভতিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply