নিউজ ডেস্কঃ মহানগৰীত সংঘটিত হৈছে অগ্নিকাণ্ড। আজি পুৱা গুৱাহাটীৰ জি এছ ৰোডত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
জি এছ ৰোডস্থিত ছিলভাৰ স্কোৱেৰ পাৰ্কিঙত প্ৰায় ১১ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড । জানিব পৰা মতে, পাৰ্কিঙত থকা চাৰিচকীয়া এখন বাহন মেৰামেতি কৰি থকা অৱস্থাতে হঠাৎ জুই জ্বলি উঠে।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত বাহনখন ভস্মীভূত হৈ যায় আৰু ঠাইখিনি ধোঁৱাময় হৈ পৰে। ইফালে, ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষী উপস্থিত হয় আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলক খবৰ দিয়ে।
ইতিমধ্যে, ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ ২টা দল আহি উপস্থিত হৈছে। আৰু জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে।