গুৱাহাটীঃ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে মহানগৰীৰ এখন আভিজাত বিদ্যালয়ে। ছাত্ৰ-শিক্ষক কোভিড আক্ৰান্ত হোৱাৰ পাছতো বিদ্যালয় কৰ্তৃপক্ষই লুকুৱাই থৈছে এই তথ্য। বিদ্যালয় কৰ্তৃপক্ষই তথ্য লুকুৱাই থোৱা বুলি অভিভাবকৰ মাজত চৰ্চা চলিছে। এতিয়াও সত্যাসত্য প্ৰকাশ কৰা নাই বিদ্যালয় খনে।
কোভিড আক্ৰান্ত হোৱা তথ্য কোনেও ৰাজহুৱাকৈ প্ৰকাশ কৰিব নোৱাৰিব। আনকি কোভিড আক্ৰান্ত হ’লে এই তথ্য গোপনে ৰাখি ঘৰতে থকাৰ নিৰ্দেশ দিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই।
লগতে পঢ়কঃনগাঁও আৰক্ষীৰ জালত ভেজাল ঔষধ চক্ৰৰ নায়ক
ইয়াকে লৈ এতিয়া অভিভাৱকসকলৰ মাজত ইয়াক লৈ সৃষ্টি হৈছে শংকাৰ। ইফালে নিজ সন্তানৰ ভৱিষ্যতৰ কথা ভাবি বহুতো অভিভাৱকে এই সম্পৰ্কে মুখ খোলা নাই।
এই সন্দৰ্ভত কামৰূপ মহানগৰ প্ৰশাসনৰ হাততো নাই কোনো তথ্য। তাৰ ভিতৰতো সমগ্ৰ বিষয়টোৰ তদন্তৰ দাবী জনাইছে বিদ্যালয়খনৰ কেইবাগৰাকীয়ো সচেতন অভিভাৱকে।
ইতিমধ্যে মহানগৰীৰ দুখন বিদ্যালয় গাড়ীগাঁও কামাখ্যা বিদ্যাপীঠ আৰু কামাখ্যা হাইস্কুল ইতিমধ্যে বন্ধ কৰা হৈছে।