গুৱাহাটী: মহানগৰীৰ বিদ্যালয়লৈ কঠোৰ নিৰ্দেশনা শিক্ষা বিভাগৰ। এতিয়াৰে পৰা প্ৰখৰ ৰ’দত কৰিব নোৱাৰিব প্ৰাৰ্থনা সভা।

ইয়াৰ পৰিৱৰ্তে প্ৰতিখন বিদ্যালয়ে শ্ৰেণী কক্ষৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব প্ৰাৰ্থনা সভা বা পুৱাৰ সমাৱেশ। মঙলবাৰে কামৰূপ মহানগৰৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াই জিলাখনৰ সকলো চৰকাৰী, প্ৰাদেশিকৃত আৰু ব্যক্তিগত বিদ্যালয়ৰ প্ৰতি এই জাননী প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে যোনা শনিবাৰে গুৱাহাটীৰ নিকলছ হায়াৰ ছেকাণ্ডাৰী স্কুলৰ এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ গৰমৰ ফলত মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে তৎপৰ হৈছে শিক্ষা বিভাগ।

জানিব পৰা মতে ৪ আগষ্টৰ দিনা প্ৰচণ্ড ৰ’দৰ মাজতে বিদ্যালয় চৌহদত অনুষ্ঠিত প্ৰায় এঘণ্টা ধৰি চলা শোক প্ৰাৰ্থনাৰ মাজতে ১০ বছৰীয়া ছাত্ৰীগৰাকী ঢলি পৰিছিল। পিছত ৬ আগষ্টৰ দিনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটালত ছাত্ৰীগৰাকীৰ মৃত্যু ঘটে।

লগতে পঢ়ক – Nagaon: ৰাজপথতে জ্বলি উঠিল এম্বুলেন্স, কথমপি ৰক্ষা মাতৃ-নৱজাতকৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply