: বৰপেটাৰ সাংসদ আব্দুল খালেকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰিব খোজা এজেহাৰক লৈ আৰক্ষীয়ে সহযোগ নকৰা বিষয়ক লৈ কামৰূপ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে জাৰি কৰা এটা নিৰ্দেশৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে স্থগিতাদেশ জাৰি কৰিছে । ন্যায়লয়ে স্থগিতাদেশ জাৰি কৰাই নহয়, মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে এখন এজাহাৰ দাখিল কৰা কংগ্ৰেছ সাংসদ আব্দুল খালেকলৈও উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিছে ।

দৰং জিলাৰ গৰুখুটিত চৰকাৰে চলোৱা উচ্ছেদৰ পিছত বিগত ১০ ডিচেম্বৰত মৰিগাঁৱত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উচ্ছেদৰ বিষয়টোক লৈ কেতবোৰ সাম্প্ৰদায়িক মন্তব্য কৰিছিল বুলি অভিযোগ তুলি সাংসদ আব্দুল খালেকে বিগত ২৯ ডিচেম্বৰত দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল।
দিছপুৰ থানাই মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে কোনো গোচৰ পঞ্জীয়ন নকৰাত ক্ষুব্ধ হৈ সাংসদ গৰাকীয়ে কামৰূপ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত এটা গোচৰ তৰিছিল (1598/2022) । সেই গোচৰৰ শুনানী গ্ৰহণৰ অন্তত বিগত ৫ মাৰ্চত কামৰূপ মহকুমা ন্যায়িক দণ্ডাধীশ বিশ্বদীপ বৰুৱাৰ আদালতে ভাৰতীয় দণ্ডবিধি ১৫৩ আৰু ১৫৩ (ক) ৰ অধীনত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ বিৰুদ্ধে এটা গোচৰ পঞ্জীয়ন কৰিবলৈ দিছপুৰ থানাক নিৰ্দেশ দিছিল ।
মহকুমা ন্যায়িক দণ্ডাধীশৰ উক্ত নিৰ্দেশক প্ৰত্যাহ্বান জনাই অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু ভাৰতীয় দণ্ডবিধি ৪৮২ ৰ অধীনত এক ফৌজদাৰী আবেদন দাখিল কৰে । উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিতেশ শৰ্মাৰ আদালতে শুকুৰবাৰে অসম চৰকাৰৰ ফালৰ পৰা তৰা এই আবেদনৰ শুনানী গ্ৰহণ কৰি পূৰ্বৰ নিম্ন আদালতে দিয়া নিৰ্দেশটোৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰে আৰু সাংসদ আব্দুল খালেকলৈও জাননী জাৰি কৰিছে । উচ্চ ন্যায়ালয়ৰ এই স্থগিতাদেশৰ পিছত এতিয়া সাংসদ আব্দুল খালেকে দাখিল কৰা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উক্ত গোচৰ দিছপুৰ থানাই পঞ্জীয়ন কৰিব নোৱাৰিব ।

ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই জানিবলৈ দিয়া মতে, আদালতে সমগ্ৰ বিষয়টো পৰীক্ষা কৰাৰ লগতে আমাৰ বক্তব্য খিনি শুনাৰ পিছত পূৰ্বতে নিম্ন আদালতে জাৰি কৰা নিৰ্দেশটোৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰাৰ লগতে সাংসদ আব্দুল খালেকক ১ এপ্ৰিলৰ ভিতৰত জবাব দিবলৈ এখন জাননী জাৰি কৰিছে ।

ইয়াৰ লগতে নিম্ন আদালতে এই গোচৰটো সন্দৰ্ভত যিখিনি ৰেকৰ্ড সংগ্ৰহ কৰিছিল সেই সকলোখিনি উচ্চ ন্যায়ালয়লৈ পঠিয়াই দিবলৈও আদালতে নিৰ্দেশ দিছে । অহা ১ এপ্ৰিলত গোচৰটোক লৈ পুনৰ শুনানী গ্ৰহণ হ’ব । তেতিয়ালৈকে পূৰ্বৰ নিৰ্দেশটো স্থগিত ৰখা হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply