গুৱাহাটীঃ ৰাজ্যত ক’ভিডত আক্রান্তৰ সংখ্যা হঠাৎ বৃদ্ধি পোৱাৰ লগতে অ’মিক্ৰনত দুজনকৈ লোক আক্রান্ত হোৱা বুলি চিনাক্ত হোৱাৰ পিছত কালিৰে পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ে ভাৰ্চুৱেল মাধ্যমযোগে সীমিত সংখ্যাৰ গোচৰৰ শুনানি আৰম্ভ কৰিছে।

আদালতলৈ প্ৰয়োজনত আহিব লগা ব্যক্তিয়ে পঞ্জীয়কৰ (প্ৰশাসন) আগতীয়া অনুমতি পোৱাৰ পিছতহে প্ৰৱেশ কৰিব পাৰিব।

লগতে পঢ়কঃগোলাঘাটৰ বাদুলিপাৰত বিধ্বংসী অগ্নিকাণ্ড, জ্বলি ছাৰখাৰ মুৰ্গী ফাৰ্ম

আদালতৰ এই নিৰ্দেশনা পৰৱৰ্তী নিৰ্দেশলৈকে কাৰ্যকৰী হ’ব। জাননীখনত লগতে কোৱা হৈছে উচ্চ ন্যায়ালয়ৰ চৌহদৰ ভিতৰত মাস্ক পিন্ধা আৰু শাৰীৰিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক হ’ব।
আনহাতে, ক’ভিড ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰা অধিবক্তা, মোকৰ্দমাকাৰী, কৰ্মচাৰী, নিৰাপত্তা কৰ্মচাৰীক উচ্চ ন্যায়ালয়ৰ চৌহদত প্ৰৱেশ কৰাৰ অনুমতি থাকিব।

নতুন তথা পুৰণি উচ্চ ন্যায়ালয়ৰ ভৱনত প্ৰৱেশ কৰাৰ আগতে সকলো অধিবক্তা, মোকৰ্দমাকাৰী, কৰ্মচাৰী, নিৰাপত্তা কৰ্মচাৰী আদিৰ ক’ভিড পৰীক্ষা কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply