গুৱাহাটীঃ ৰাজ্যত চলি থকা এনকাউণ্টাৰক লৈ ৰাজ্যৰ আৰক্ষীলৈ জাননী জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
ৰাজ্যত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত এই জাননী জাৰি কৰিছে ন্যায়ালয়ে।
ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল এখন পি আই এল। তাৰ ওপৰত চলি থকা শুনানীত উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ দিছে।
আনহাতে ৰাজ্যিক আৰু ৰাষ্ট্রীয় মানৱাধিকাৰ আয়োগলৈও জাননী জাৰি কৰিছে ন্যায়ালয়ে। আটাইকেইটা পক্ষকে শপতনামা দাখিল কৰিবৰ বাবে নিৰ্দেশ দিছে ন্যায়ালয়ে। এনকাউণ্টাৰসমূহ ভুৱা বুলি অভিযোগ কৰিছিল আবেদনকাৰীয়ে।
লগতে পঢ়কঃবোকাজানৰ শুকানজানত আহোম ৰেংমা ভাতৃত্ববোধ দিৱস পালন
চৰকাৰৰ পৰা শপতনামা বিচাৰিছিল উচ্চ ন্যায়ালয়ে। অসম আৰক্ষীয়ে যোৱা সময়চোৱাত ধৰা অপৰাধীবোৰ বিভিন্ন কাৰনত আৰক্ষীক আক্ৰমণ কৰি তেওঁলোকৰ হাতৰ পৰা পলাই যোৱাৰ বাবে এনকাউন্টাৰ কৰিব লগা হৈছে বুলি প্ৰকাশ কৰি আহিছে।