নিউজ ডেস্কঃ এতিয়াৰে পৰা গুৱাহাটীত শাক-পাচলি প্ৰৱেশৰ পূৰ্ৱে কৰা হ’ব পৰীক্ষণ। উৎপাদিত কৃষি সামগ্ৰীত কীট নাশক দ্ৰব্য বা ৰাসায়নিক সাৰৰ মাত্ৰ নিৰূপণ হোৱাৰ পিছতহে হে বজাৰত স্থান পাব আপোনাৰ প্ৰিয় শাক-পাচলি বিধ।
উৎপাদিত কৃষি সামগ্ৰীত অধিক পৰিমাণে কীট নাশক ব্যৱহাৰ ফলত জনস্বাস্থ্যৰ প্রতি ভাবুকি অহাত অধিবক্তা সীমা ভূঞাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজনিত আৱেদন দাখিল কৰিছিল । আবেদন প্ৰতি গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৰুত্বৰ প্ৰদান কৰি বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰে।
শুনানি গ্ৰহণ কৰি কৃষি, স্বাস্থ্য আৰু ফৰেনচিক বিভাগক উচ্চ ন্যায়ালয়ে নির্দেশনা দিয়ে যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা গুৱাহাটীলৈ অহা কৃষি সামগ্ৰী সমূহ ব্যৱহাৰৰ উপযোগী হয় নে তাৰ এক পৰীক্ষা কৰি ৩ মাৰ্চৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কয়।
উল্লেখযোগ্য যে, বৰ্তমান শাক-পাচলি সমূহ কম দিনে অধিক উৎপাদন কৰিবলৈ কৃষক সকলে কীট নাশক তথা ৰাসায়নিক সাৰ প্ৰয়োগ কৰে। যিবোৰ জনস্বাস্থ্যৰ বাবে এক মৰাত্মক । আগন্তুক দিনত কৃষি, স্বাস্থ্য আৰু ফৰেনচিক বিভাগে উচ্চ ন্যায়ালয়ে নির্দেশনা কেনেদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।