গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰণে শিলসাঁকোত প্ৰায় ১৬৫০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য লৈ চলাইছিল এক উচ্ছেদ অভিযান।
সোমবাৰৰ পৰা মহানগৰীৰ শিলসাঁকোত ৰাজ্য চৰকাৰে চলোৱা উচ্চেদ অভিযানৰ মাজতে মহামান্য উচ্চ ন্যায়ালয়ে উচ্চেদ অভিয়ান স্থগিত ৰখাৰ বাবে এক নিৰ্দেশনা জাৰী কৰিছে। এই নিৰ্দেশনাই শিলসাঁকোত বসবাস কৰি থকা ১৩ পৰিয়াললৈ সাময়িক সকাহ প্ৰদান কৰিছে।
শিলসাঁকো বিলৰ স্থানত GMDAই প্ৰকল্প নিৰ্মাণৰ কল্পে বেদখলমুক্ত কৰা হৈছিল অঞ্চলটো। কিন্তু ইয়াকে লৈ ৰাইজৰ মাজত দেখা গৈছিল প্ৰতিক্ৰিয়া। ইয়াক লৈ শিলসাকোৰ ১৩ জন বাসিন্দাই দাখিল কৰিছিল দুখন আবেদন। আবেদনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে ৩মাৰ্চ পযন্ত এই পৰিয়ালকেইটাক চৰকাৰে উচ্চেদ কৰিব নোৱাৰিব বুলি নিৰ্দেশনা দিছে।
২৪৩৫/২০২৩ আৰু ১১১৩/২০২৩ নং লেখ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে সাময়িক সকাহ দিয়া পৰিয়ালকেইটা হৈছে- ৰুপজ্যোতি বৰা বুঢাগোহাঁই, বিপাশা মেধি শইকীয়া, গণেশ চন্দ্ৰ শমা, সীমা দাস, কে শ্যাম কুমাৰ সিনহা, সাগৰিকা দাস, ৰাজেন কলিতা, তৰুন শইকীয়া, ৰেহানা মজুমদাৰ, অমিতাভ দত্ত, সন্জীয় গোস্বামী বৰুৱা, ক্ষীৰেশ্বৰী শইকীয়া, আৰু আলোক বৰুৱা।
অধিবক্তা এ গাংগুলীয়ে আজি আদালতত প্ৰথম দহজন আবেদনকাৰী আৰু অধিবক্তা এম খাটনিয়াৰে আন তিনিজন আবেদনকাৰী হৈ যুক্তি প্ৰদশন কৰে।