নিউজ ডেস্কঃ ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ শুক্ৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এতিয়াৰ পৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাখিব লাগিব আসন সংৰক্ষণ।

২০২৩ ৰ শিক্ষা বৰ্ষৰ আৰম্ভণিৰে পৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ৰাখিব লাগিব ২৫% আসন সংৰক্ষণ। এই আসন সংৰক্ষণ হ’ব সম্পূৰ্ণ বিনামূলীয়া।

গুৱাহাটী উচ্চ ন্যায়ালয়ে এখন PIL ৰ শুনানি গ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰি দৰিদ্ৰ পৰিয়ালৰ পক্ষত থিয় দিয়ে।

আসন সংৰক্ষণ প্ৰক্ৰিয়াৰ বাবে উচ্চ ন্যায়ালয়ে শিক্ষা ভিভাগত যাৱতীয় ব্যৱয়্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। লগতে, ১৪ মাৰ্চৰ ভিতৰত বিজ্ঞাপন প্রকাশৰ নিৰ্দেশ প্ৰদান কৰে।

লগতে পঢ়ক – বিজেপিক পৰাভূত কৰিবলৈ ১০ টা দলৰ বিৰোধীৰ ৰণ কৌশল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply