গুৱাহাটী : গুৱাহাটীস্থিত এক্সেল কেয়াৰ হাস্পতালে ব্লেক ফাংগাছত বা মিউকোৰমাইকোছিচত আক্ৰান্ত এজন যুৱকৰ চিকিৎসা সফলতাৰে সম্পন্ন কৰিছে। সুকলমে চিকিৎসা সম্পন্ন হোৱা ৰোগীজনক মঙলবাৰে ঘৰলৈ যাবলৈ দিয়া হয়।
এক্সেল কেয়াৰ হাস্পতালৰ নেফ্ৰ’লজিষ্ট আৰু ট্ৰান্সপ্লাণ্ট ফিজিচিয়ান ডাঃ কৰন ছৰফৰ তত্ত্বাৱধানত চিকিৎসকৰ দলে ব্লেক ফাংগাছত আক্ৰান্ত দৰং জিলাৰ ২৬ বছৰীয়া এজন ৰোগীক চিকিৎসা কৰি সুস্থ কৰি তোলে।
উল্লেখযোগ্য যে ২০২০ চনৰ ডিচেম্বৰত ৰোগীজনৰ কিডনী ট্ৰান্সপ্লাণ্ট কৰা হৈছিল আৰু তেওঁ লাহে লাহে সুস্থ হৈ উঠিছিল।
লগতে পঢ়ক : সোণাৰিত সাতটাকৈ মৈদাম উদ্ধাৰ, চিনাক্তকৰণৰ লগতে সংৰক্ষণৰ দাবীত স্মাৰকপত্ৰ
আনহাতে, এই বছৰৰ মে’ মাহত তেওঁ ক’ভিডত আক্ৰান্ত হোৱাৰ পিছত তেওঁ গ্ৰহণ কৰি থকা দৰৱ আৰু ষ্টেৰইডৰ কিছু সালসলনি কৰা হয়। অৱশ্যে সুস্থ হৈ উঠাৰ পিছত ৰোগীজনৰ দেহত কিছু আনুসংগিক ৰোগ ধৰা দিয়ে।
তেওঁৰ নাকেৰে কিছু পদাৰ্থ বাঢ়িৰ হোৱাৰ লগতে মূৰৰ বিষ, চকুৰ দৃষ্টি শক্তিত কিছু অস্পষ্টতা আদি অসুবিধা আৰম্ভ হয়। পিছত পুনৰ তেওঁক চিকিৎসা কৰা হয় আৰু ৫ জুনত তেওঁৰ দেহত ব্লেক ফাংগাছে আক্ৰমণ কৰা বুলি নিশ্চিত কৰা হয়।
ডাঃ ছৰফে কয়, ‘ৰোগীজনে সুস্থ অৱস্থালৈ ঘূৰি আহে আৰু মঙলবাৰে তেওঁক যাবলৈ দিয়া হয়। অৱশ্যে তেওঁক দিঘলীয়া সময়ৰ বাবে এণ্টিফাংগেলছ আৰু ভাল পৰ্য্যবেক্ষণৰ প্ৰয়োজন হ’ব।’