নিউজ ডেস্ক – জি-২০ৰ অধীনত বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ প্ৰথমখন বৈঠক কাইলৈ আৰু ৩ ফেব্ৰুৱাৰীত গুৱাহাটীত আয়োজন কৰা হৈছে। ইতিমধ্যে গুৱাহাটীত পদাৰ্পন কৰিবলৈ আৰম্ভ কৰা বিভিন্ন দেশৰ প্ৰতিনিধিসকলক আদৰাৰ লগতে সন্মানীয় বৈঠকখন আয়োজন কৰিবলৈ সাজু হৈছে গুৱাহাটী মহানগৰ। উল্লেখ্য যে বহনক্ষম বিত্ত কাৰ্যকৰী গোটৰ বৈঠকত জি-২০ ৰাষ্ট্ৰসমূহৰ উপৰিও অতিথি দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ প্ৰতিনিধিসহ ১০০ তকৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

জি-২০ বহনক্ষম বিত্ত কাৰ্যকৰী গোটৰ লক্ষ্য হৈছে বিশ্বব্যাপী বিকাশ আৰু স্থিৰতা নিশ্চিত কৰাত সহায় কৰাৰ উপৰিও এক সেউজ, অধিক স্থিতিস্থাপক আৰু সামগ্ৰিক সমাজ আৰু অৰ্থনীতিৰ দিশত পৰিৱৰ্তনৰ প্ৰচাৰ। গুৱাহাটীত অনুষ্ঠিতব্য এই দুদিনীয়া বৈঠকত নিম্নলিখিত মুখ্য বিষয়বোৰ আলোচনা কৰিবলৈ চাৰিখন ভিন ভিন বৈঠক অনুষ্ঠিত হ’ব:

  1. জলবায়ু বিত্তৰ বাবে সময়মতে আৰু পৰ্যাপ্ত সম্পদ সংগ্ৰহৰ প্ৰণালী;
  2. বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বাবে বিত্ত ব্যৱস্থা সাজু কৰা; আৰু
  3. বহনক্ষম উন্নয়নৰ বাবে বিত্ত যোগানৰ বাবে পৰিৱেশ তন্ত্ৰৰ ক্ষমতা নিৰ্মাণ।

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সাৰাংশ “বসুদৈৱ কুটুম্বকম” বা “এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত” বিষয়বস্তুত সন্নিবিষ্ট কৰা হৈছে। বিষয়বস্তুটোৱে জনমুখী দৃষ্টিভংগীৰে এটা জীৱন-অনুকূল গ্ৰহৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে আন্তঃসংযোগ আৰু সেউজ পৰিৱৰ্তনৰ বাৰ্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তদুপৰি, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা এক দৃষ্টিভংগী মিছন LiFE য়ে ব্যক্তিসকলক জলবায়ু কাৰ্যাৱলীৰ অনুসৰণত পৰিৱৰ্তন আৰু ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য প্ৰাপ্তিত নজৰ ৰাখে।

বাওঁফালৰ পৰা সোঁফাললৈঃ পিআইবিৰ উত্তৰ-পূৱ মাণ্ডলিক সঞ্চালক প্ৰধান শ্ৰী বি নাৰায়ণন, বিত্ত মন্ত্ৰালয়ৰ উপদেষ্টা শ্ৰীমতী চান্দনী ৰাইনা আৰু বিত্ত মন্ত্ৰালয়ৰ উপদেষ্টা শ্ৰীমতী গীতু যোশী

বৈঠকৰ সময়ত কেইবাটাও ‘জন ভাগীদাৰী’ অনুষ্ঠানৰ আয়োজন কৰা হৈছে, যাৰ ভিতৰত আছে পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান, চিত্ৰাংকন আৰু শ্লোগান প্ৰতিযোগিতা, এছডিজিৰ বাবে বিত্তীয় যোগানৰ ওপৰত আলোচনাচক্ৰ, বৃক্ষৰোপণ অভিযান, আৰু জলবায়ু কাৰ্যৰ বাবে উদ্ভাৱনী মূলক বিনিয়োগৰ ওপৰত জি-২০ সন্মিলন। প্ৰতিনিধিসকলৰ বাবে সাজু কৰা হোটেলখন গুৱাহাটী বিষয়ক বিভিন্ন স্মাৰক আৰু চিত্ৰৰে সজোৱা হৈছে। উল্লেখ্য যে জি২০ ৰ বাবে গুৱাহাটীত আহি উপস্থিত হোৱা প্ৰতিনিধিসকলে ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী চাফাৰীও উপভোগ কৰিব। লগতে, প্ৰতিনিধিসকলে ব্ৰহ্মপুত্ৰ নদী দ্বীপ আৰু পুৰণি ৰাজ্যপাল গৃহকে ধৰি গুৱাহাটীৰ বিখ্যাত স্থানসমূহ পৰিদৰ্শন কৰিব। সভাৰ ২ দিনীয়া কাৰ্যসূচীৰ সময়ছোৱাত যোগাভ্যাস অনুষ্ঠানকে ধৰি অসমৰ সমৃদ্ধিশালী ঐতিহ্য আৰু পৰম্পৰা প্ৰদৰ্শন কৰা সাংস্কৃতিক অনুষ্ঠানসমূহলৈও প্ৰতিনিধিসকলক আমন্ত্ৰণ জনোৱা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply