গুৱাহাটীঃ মহানগৰীত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা। মঙলবাৰে নিশা বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে ‘অসমীয়া প্ৰতিদিন’ কাকতৰ জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াক একাংশ দুৰ্বৃত্তই আক্ৰমন কৰে। এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে দিছপুৰ প্ৰেছ ক্লাবে। এক বিবৃতিত দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি নৰেন হাজৰিকা আৰু সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে সা্ংবাদিকক কৰা আক্ৰমণৰ ঘটনাক গৰিহণা দি ঘটনাত জড়িত সকলোক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে উচিত তদন্তৰ দাবী জনায়।
উল্লেখ্য যে, গুৱাহাটীৰ চান্দমাৰী থানাৰ অন্তৰ্গত কমাৰ্চ পইন্টত নিশা সংঘটিত অগ্নিকাণ্ডৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে বনজিত ঠাকুৰীয়াক এদল দুৰ্বৃত্তই আক্ৰমন কৰে। দুৰ্বৃত্তৰ দলৰ আক্ৰমণত সাংবাদিকগৰাকীৰ মুখমণ্ডল আৰু শৰীৰৰ বিভিন্ন স্থানত আঘাতপ্ৰাপ্ত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্তৰ দলটোৰ দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
নিশাই আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈছিল যদিও আজি পুৱাৰ পৰা অ’ চি য়ে সাংবাদিক নিৰ্যাত কাৰীৰ পক্ষ লোৱাৰ অভিযোগ উত্থাপন হৈছে।
আনহাতে সাংবাদিক আক্ৰমণৰ ঘটনাত জড়িত দোষী যাতে সাৰি নাযায় তাৰ বাবে আৰক্ষীক নিৰপেক্ষ ভূমিকা পালন কৰাৰ বাবেও বিবৃতি যোগে দাবী জনাইছে প্ৰেছ ক্লাবে।