গুৱাহাটীঃ ন্যায় বিচাৰি হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিক সকলৰ প্ৰতিবাদ। চিৰাং জিলাৰ বসুগাঁৱত সাংবাদিকক আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাৰ তীব্ৰ গৰিহণা দিছে প্ৰতিবাদকাৰী সাংবাদিক সকলে।
মঙলবাৰে মহানগৰী গুৱাহাটীত কৰ্মৰত বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক সকলে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ বাসুগাঁৱত সাংবাদিক নিগ্ৰহৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনায়। সাংবাদিকক প্ৰহাৰ কৰা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনায় সাংবাদিক সকলে।
লগতে পঢ়কঃবাসুগাঁৱত সাংবাদিকৰ ওপৰত নিৰ্মম আক্ৰমণৰ ঘটনাক গৰিহনা জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ
উল্লেখ্য যে সোমবাৰে চিৰাং জিলাৰ বসুগাঁৱত আৰক্ষীয়ে প্ৰতিদিন টাইমৰ সাংবাদিকক নিৰ্মমভৱে প্ৰহাৰ কৰিছিল। বসুগাঁও আৰক্ষী চকীৰ প্ৰদীপ সাহা আৰু লক্ষীৰাম বৰ্মন নামৰ দুজন কনিষ্টবলে হেলমেট পৰিধান নকৰাকৈ বাইক চলাই যাওঁতে প্ৰতিদিন টাইমৰ সাংবাদিক জয়ন্ত দেৱনাথে কনিষ্টবল দুজনক কিয় হেলমেট পৰিধান কৰা নাই বুলি প্ৰশ্ন কৰোতে জয়ন্ত দেৱনাথক প্ৰহাৰ কৰে কনিষ্টবল দুজনে।
কনিষ্টবল দুজনৰ প্ৰহাৰত গুৰুত্বৰভাৱে আহত হৈছে সাংবাদিক জয়ন্ত দেৱনাথ। বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে সাংবাদিকজন। সাংবাদিকৰ ওপৰত আৰক্ষীৰ আক্ৰমণৰ ঘটনাক ৰাজ্যৰ সাংবাদিক সকলে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষী কনিষ্টবল দুজনৰ শাস্তিৰ দাবী জনাইছে।