গুৱাহাটী মহানগৰীত হাতীগাওঁ লখিমীনগৰত সোমবাৰে উদ্ধাৰ হৈছে এটা মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো মিলন চেত্ৰী নামৰ লোকজনৰ।
উল্লেখযোগ্য যে ৫৫ বছৰীয়া লোকজনক দুৰ্বৃত্তই হত্যা কৰি বাহিৰৰ পৰা তলা মাৰি থৈ গৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। প্ৰায় ১ টা সপ্তাহ পূৰ্বেই চেত্ৰীক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।
পেছাত এগৰাকী ৰঙৰ মিস্ত্ৰী মিলনৰ মৃতদেহ দুৱাৰত তলা লগাই থোৱা এটা ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে । তলা বন্ধ এটা ঘৰৰ ভিতৰত মিলনৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি এইয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে।
উল্লেখ্য যে বহুবছৰ ধৰি মহম্মদ আতাউৰ ৰহমান নামৰ এগৰাকী ব্যক্তিৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল মিলন। আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। এতিয়ালৈকে ঘটনাৰ সন্দৰ্ভত কোনো লোকক এতিয়ালৈ আটক কৰা নাই।
লগতে পঢ়ক- ৰাজ্যৰ ৭০ গৰাকী শিক্ষকৰ বিৰুদ্ধে দুটাকৈ দৰমহা লৈ থকাৰ অভিযোগ